Local, Vocal, Global

Tragic accident in Patna, Bihar : JCB আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত ৭জন, আহত এজন

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : JCB আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ । নিহত ৭জনকৈ লোক, আহত এজন(Tragedy strikes in Patna) ।

বিহাৰৰ পাটনাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। মঙলবাৰে বিহাৰৰ পাটনাৰ কংকৰবাগ থানা এলেকাৰ ৰামলখান পথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন অট’ই নিয়ন্ত্ৰিণ হেৰুৱাই জেচিবিত খুন্দা মাৰে। ফলত অট’খনত থকা যাত্ৰী থিতাতে নিহত হয় ।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় এজন লোক।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আহত লোকজনৰ অৱস্থা সংকটজনক বুলি কয় চিকিৎসকে(Tragic accident in Patna, Bihar, 7 dead, one serious in JCB and auto collision) ।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Salman Khan House Firing : ছলমান খানৰ বাসগৃহত গুলীচালনা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ