Watch | UPPL Rakesh Brahma: ‘হিমন্ত বিশ্ব শৰ্মা মোৰ মামা আৰু মই তেওঁৰ ভাগিন’- UPPL ৰাকেশ ব্ৰহ্ম

মুছলপুৰ: বাক্সা জিলাৰ মুছলপুৰত আজি পশুপালন আৰু মীন বিভাগৰ উদ্যোগত হিতাধিকাৰীৰ মাজত গাহৰি আৰু চাইকেল বিতৰণ কাৰ্যসূচী ৰূপায়িত হয় । গাহৰি আৰু মৎস্য পালনৰ জৰিয়তে বিটিআৰৰ লোক সকলক স্বাৱলম্বী কৰাৰ দিশে আগবাঢ়িছে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰ ।
আজিৰ কাৰ্যসূচীত অংশ লৈ বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মৎস্য পালনৰ জৰিয়তে আৰ্থিকভাৱে বহুখিনি লাভৱান হ’ব পাৰে বুলি মন্তব্য কৰে । তেওঁ নিজে এক উদাহৰণ বুলি মন্তব্য কৰি কয় যে মোৰ পুখুৰীত মাছ পালন কৰি মই নিজে বছৰি এক কোটি টকা উপাৰ্জন কৰো ।
ইফালে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বাক্সাৰ পাঁচটা সমষ্টিৰ চাৰিটাত নিশ্চিত বিজয়ৰ কথা উল্লেখ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে । তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰা বুলি মন্তব্য কৰি কয়-‘ ‘হিমন্ত বিশ্ব শৰ্মা মোৰ মামা আৰু মই তেওঁৰ ভাগিন,হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰো মই” ।