Local, Vocal, Global

হিমন্তৰ মন্ত্ৰী সভাত ইউ পি পি এল ৰ বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব

নিউজ ডেস্ক, ৫ জুন : বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত ৯ জুনত মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ হব বুলি জানিব দিছিল আৰু লগতে তেওঁ কাৰ্বি আংলঙৰ পৰা এজন বিধায়কক মন্ত্ৰীত্ব দিয়াৰ কথা ঘোষণা কৰিছিল।

কোনে মন্ত্ৰীত্ব পাব? মিত্ৰ দলসমূহৰ বিধায়কে মন্ত্ৰীত্ব লাভ কৰিবনে? তাক লৈ চলিছে জল্পনা- কল্পনা তথা চৰ্চা চলি থকাৰ মাজতে আজি বিটিআৰ বাসীলৈ আহিছে এটা ভাল খবৰ।

বাক্সাৰ জালাহত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক কয় যে ইউ পি পি এল দলৰ পৰা এজন বিধায়কে লাভ কৰিব মন্ত্ৰীত্ব। মন্ত্ৰী সভাৰ সম্প্ৰসাৰণক লৈ আজি এই কথা জানিব দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৱে।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ে চূড়ান্ত কৰা হৈছে বুলিও জানিব দিয়ে প্ৰমোদ বড়োৱে ৷ আনহাতে বিটিআৰত অৰুণোদয় আঁচনি ৰূপায়নত যাতে খেলিমেলি নহয় তাৰবাবে এটি টোল ফ্ৰী নম্বৰ প্ৰদান কৰিব বুলিও জানিব দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।