ONGC ত কৰ্মৰত অৱস্থাত অভিযন্তাৰ মৃত্যু

নিউজ ডেস্ক, ৫ জুন : তিতাবৰৰ বৰহোলাৰৰ কলাপানীস্থিত ONGC ৰ তেল খাদত দুৰ্ঘটনা। দুৰ্ঘটনাটোত কৰ্মৰত অৱস্থাত ONGCৰ এগৰাকী অভিযন্তাৰ মৃত্যু হৈছে ।
জানিব পৰা মতে ONGC ৰ পাইপ ডিলিং কৰা সময়তে দুৰ্ঘটনাটো সংঘটিত হৈ মৃত্যু হয় অভিযন্তা গৰাকীৰ। মূৰত পাইপ পৰাৰ বাবেই মৃত্যু হ’ল অভিযন্তা গৰাকীৰ।
মৃত অভিযন্তা জনৰ নাম সৌৰভ জ্যোতি পাঠক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা মৃত্যু হোৱা অভিযন্তা জনৰ ঘৰ যোৰহাটৰ পকামুৰাত ।