Local, Vocal, Global

Congress Dhanayawad Yatra : উত্তৰ প্ৰদেশত আজিৰে পৰা কংগ্ৰেছে উলিয়াব ‘ধন্যবাদ যাত্ৰা’

নেশ্যনেল ডেস্ক,১১জুন : ভাৰত জোড়ো যাত্ৰা, ন্যায় যাত্ৰাৰ পিছত এইবাৰ ৰাহুল গান্ধীৰ ‘ধন্যবাদ যাত্ৰা’। উত্তৰ প্ৰদেশত আজিৰে পৰা কংগ্ৰেছে উলিয়াব ‘ধন্যবাদ যাত্ৰা'(Congress Dhanayawad Yatra)৷

উত্তৰ প্ৰদেশৰ জনতাক ধন্যবাদ জনাবলৈ কংগ্ৰেছৰ এই যাত্ৰা। ১১ৰ পৰা ১৫ জুনলৈ উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ৰ আয়োজন কৰিছে। দলৰ শীৰ্ষ নেতৃত্বৰ লগতে কৰ্মী আৰু সমৰ্থকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৪০৩টা বিধানসভা সমষ্টিত ‘ধন্যবাদ যাত্ৰা’ উলিয়াব কংগ্ৰেছে ৷ হাছানপুৰ বিধানসভা সমষ্টিৰ পৰা ধন্যবাদ যাত্ৰাৰ আৰম্ভণি৷

উল্লেখ্য যে, এইবাৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশে বিজেপিক জোকাৰি গৈছে। নির্বাচনৰ পূর্বে য’ত ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল তাতেই বিজেপিৰ পৰাজয় হৈছে। বিজেপিৰ দুর্গ হিচাপে পৰিচিত ৰাজ্যখনে ৮০খন আসনৰ ভিতৰত মাত্র ৩৩খন আসনহে লাভ কৰিছে৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট ৪৩খন আসন লাভ কৰিছে। তাৰ ভিতৰত কংগ্ৰেছৰ ৬ খন আসন আৰু মিত্ৰজোঁটৰ অংশীদাৰ সমাজবাদী পাৰ্টিৰ ৩৭ খন আসন আছে(UP Congress to bring out 5-day Dhanyavad Yatra in state from today)।

উত্তৰ প্ৰদেশত কংগ্ৰেছ আৰু মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ ফলাফল ভাল। সেইবাবেই উত্তৰ প্ৰদেশত ‘ধন্যবাদ যাত্ৰা’ আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে।

লগতে পঢ়ক : Akhilesh Yadav will resign from the MLA post today : আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰিব অখিলেশ যাদৱে