Local, Vocal, Global

Sensational Murder In Nagaon : চাহ বাগিছাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,১১জন : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ।

নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনাৰ ।

নগাঁও জিলাৰ কন্দলী চাহ বাগিছাৰ এডাল গছৰ মিহি ডাল এটাত মাটিত বহি চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ।মৃত যুৱক জন কমল দেউৰি বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰিছিল চাহ বাগানৰে দুজন লোকে ৷ বাগানৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা পাছত কমল দেউৰিক ঘৰলৈ পঠিয়াই যদিও পৰৱৰ্তী সময়ত দেউৰীৰ মৃতদেহ বাগানৰ মাজত উদ্ধাৰ হয়(Sensational Murder In Nagaon) ৷

যুৱক জনৰ পৰিয়ালৰ অভিযোগ হত্যা কৰি পেলাই থৈছে কমল দেউৰীক৷ পূৰ্বতেও হত্যাকাণ্ডৰ ঘটনাত দুই অভিযুক্ত জড়িত থকা বুলি একাংশই জানিব দিয়ে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : Congress Dhanayawad Yatra : উত্তৰ প্ৰদেশত আজিৰে পৰা কংগ্ৰেছে উলিয়াব ‘ধন্যবাদ যাত্ৰা’