Local, Vocal, Global

গুৱাহাটী বিমানবন্দৰত মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু কংগ্ৰেছ নেত্ৰীৰ বাকযুদ্ধ

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু কংগ্ৰেছ নেত্ৰী নীতা ডিবিমানৰ বিতৰতে মূল্য বৃদ্ধিক লৈ যুক্তি তৰ্কত লিপ্ত হয়।

গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়তে বিমানৰ ভিতৰত মূল্যবৃদ্ধিৰ ওপৰত প্ৰশ্ন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানখনে গুৱাহাটীত অৱতৰণ কৰাৰ পাছতে বিমানৰ ভিতৰত কংগ্ৰেছ নেত্ৰীগৰাকী নীতা ডি’চুজাই পেট্ৰ’লৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰশ্ন কৰে।

এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নিজৰ মন্তব্য দাঙি ধৰে। তেঁও কয় যে, কৰণাৰ ভেকচিন, ৰেচন সামগ্ৰীৰ বাবে মূল্যবৃদ্ধি হৈছে বুলি নিজৰ প্ৰতিপক্ষ ৰাখে।

ইয়াৰপিছতেই দুয়োগৰাকী নেত্ৰীয়ে বিষয়টোৰ ওপৰত যুক্তি তৰ্ক দাঙি ধৰে। নীতা ডি’ছুজাই সেই সময়তে দৃশ্যৰ ভিডিঅ টুইটাৰত আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু কংগ্ৰেছৰ মহিলা শাখাৰ কাৰ্যবাহক অধ্যক্ষ নীতা ডি’চুজা একেখন বিমানতে দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল।