Local, Vocal, Global

চিৰাঙৰ জৱাহৰ নবোদয় বিদ্যালয়ত শিক্ষাৰ্থীসকলক নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগত প্ৰতিবাদ

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ৰঞ্চাইধামস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত(Jawahar navodaya vidyalaya) অস্বাস্থ্যকৰ খাদ্য পৰিৱেশন কৰাক কেন্দ্ৰ কৰি বিদ্যালয় চৌহদত উত্তাল পৰিৱেশ বিৰাজ কৰে।

আৱাসিক বিদ্যালয়খনত অস্বাস্থ্যকৰ খাদ্য পৰিৱেশন কৰোৱাক লৈ আজি বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত খাদ্য সামগ্ৰী পেলাই দি কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ(protest) সাব্যস্ত কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে অভিভাৱকসকলে অস্বাস্থ্যকৰ খাদ্য পৰিৱেশন কৰাৰ বিষয়টোৰ ওপৰত উচিত তদন্ত দাবী কৰে।

উল্লেখ্য যে, বাসুগাঁও চহৰৰ সমীপৰ ৰঞ্চাইধাম স্থিত জৱাহৰ নৱোদয় বিদ্যালয় কালি নিশা নিম্ন মানদণ্ডৰ খাদ্য পৰিৱেশন কৰাক লৈ ভোজনালয়ত এক হুলুস্থুল পৰিৱেশৰ এটা ভিডিও সামাজিক মাধ্যমত ভাইৰাল হৈছিল ।

জৱাহৰ নবোদয় বিদ্যালয় কতৃপক্ষই বিদ্যালয় খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য তথা জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি এদল ছাত্ৰই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আৱাসিক বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলক ৪-৫ দিনৰ খাদ্য খুউৱাৰ অভিযোগ উত্থাপিত কৰা হৈছে ভাইৰাল ভিডিঅ’টোত।

চৰকাৰী আৱাসিক বিদ্যালয় খনৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী সকলক নিম্ন মানদণ্ডৰ খাদ্য পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলে শিক্ষক সকলৰ সন্মুখতে ৰান্ধনীশালৰ ভিতৰত এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰে।

ভিডিঅ’টোত দেখা যায় যে, ৩-৪ দিন আগতে ৰন্ধন কৰা খাদ্য সামগ্ৰী ফ্ৰীজত ৰাখি পুণৰ গৰম কৰি ছাত্ৰ ছাত্ৰী সকলক খাবলৈ দিয়া হয় বুলি ছাত্ৰ সকলে অভিযোগ কৰে।