Local, Vocal, Global

Amit Shah to visit Assam : ২৭ জুনত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ২ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ৩০ মে’ত একেৰাহে দুটা কাৰ্যকালৰ ৯ বছৰ সম্পূৰ্ণ কৰিলে (BJP government complete nine years) । এই উপলক্ষ্যে দলটোৱে যোৱা ৩০ মে’ৰ পৰা এমাহৰ বাবে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিছে জন সম্পৰ্ক অভিযান (Mass reach-out programme) ।

৩০ মে’ৰ পৰা আৰম্ভ হৈ অহা ৩০ জুনলৈকে সমগ্ৰ দেশজুৰি হ’ব লগা প্ৰায় ৫০ খন ৰেলী উলিয়াব শাসকীয় দলটোৱে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই ৰেলীৰ নেতৃত্ব দিয়াৰ লগতে প্ৰায় আধা ডজন ৰেলীত ভাষণ প্ৰদান কৰিব বুলি সূত্ৰত প্ৰকাশ ।

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় এবছৰ বাকী থকা লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰস্তুতিকো এই ৰেলীয়ে সহায় কৰিব (BJPs preparations for the Lok Sabha election) ।

৩১ মে’ত ৰাজস্থানৰ আজমেৰৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে এক মেগা ৰেলীৰ জৰিয়তে এই অভিযানৰ উদ্বোধন কৰাৰ পিছতেই দেশৰ প্ৰতিটো প্ৰান্তত আৰম্ভ হৈছে গণ প্ৰচাৰৰ এই কাৰ্যসূচী।

জন সম্পৰ্ক অভিযানৰ এই কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP national president JP Nadda), কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah), প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ(Defence Minister Rajnath Singh)কে আদি কৰি বহুকেইগৰাকী হাই প্ৰফাইল নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে অসমতো জন সম্পৰ্ক অভিযানৰ এই বিশাল কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ২৭ জুনত নগাঁৱত উলিয়াব লগা ৰেলীৰ ফ্লেগ অফ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই দিনটোৰ এই কাৰ্যসূচীত কিৰেণ ৰিজিজুকে আদি কৰি বহুকেইগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : PM Modi on completing 9 years: কেন্দ্ৰত ৯ বছৰ সম্পূৰ্ণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কলে, মোক আৰু অধিক কষ্ট কৰিবলৈ শক্তি দিয়ক