Local, Vocal, Global

Woman Kills 5-Year-Old Son : মমতাময়ী মাতৃ যেতিয়া হত্যাকাৰী হয়

ইন্টাৰনেশ্যনেল ডেস্ক, ২জুন’ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে।মাতৃ মমতাৰ মূৰ্ত প্ৰতীক।কিন্তু সেয় মমতাময়ী মাতৃ যেতিয়া হত্যাকাৰী হয় !সেই মমতাময়ী মাকৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয়,মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা।

সন্তানক হত্যা কৰি যেতিয়াই নকঁপে মাতৃৰ দুই হাত। এগৰাকীয়ে মাতৃয়ে নিজৰ ৫বছৰীয়া কণমানীক হত্যা কৰি টুকুৰা টুকুৰিকৈ কাটি পেলাই(In a Horrific Incident)।

মমতাময়ীৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে ইজিপ্তত। ইজিপ্তত এগৰাকীয়ে মাতৃয়ে নিজ সন্তানত চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰে আৰু মৃতদেহটো কাটি টুকুৰা টুকুৰ কৰে। মাতৃয়ে নিজ পুত্ৰক মূৰত তিনিবাৰকৈ আঘাত কৰে(she struck his head three times with a machete) আৰু তাৰ পিছত মৃতদেহটো টুকুৰা টুকুৰিকৈ কাটি পেলালে আৰু কাটি পেলোৱা শৰীৰৰ অংশ পানীত উতলাই খাই (prepares a portion of his head and consumes)।

তথ্য অনুসৰি, ২৯ বছৰীয়া মাতৃ হানা মহম্মদ হাছানে পুত্ৰৰ মূৰত প্ৰথমে তিনিবাৰকৈ আঘাত কৰে আৰু তাৰ পিছত মৃতদেহটো কাটি টুকুৰা টুকুৰি কৰে আৰু শৰীৰৰ কটা অংশ সমূহ পানীত উতলাব দিয়ে। হাচানে এই জঘন্য কাণ্ডটো সংঘটি কৰি থকাৰ সময়তে ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰিছিল আৰু আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভ তদন্তৰ পিছত আৰক্ষীয়ে হাছানৰ মানসিক চিকিসাৰ বাবে চিকিসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিসাকে হাছানক মানসিকভাৱে বিকাৰগ্ৰস্ত নহয় বুলি কয়(Investigation results showed Hassan did not have any mental disorder)।আৰু তাইক মানসিক ভাৱে সুস্থ সৱল বুলি কয়। জানিব পৰা মতে, হাছানে এই জঘন্য কাণ্ডটো সংঘটিত কৰিছিল তেওঁৰ প্ৰাক্তন স্বামীৰ ওচৰলৈ পুত্ৰ যোৱাৰ বাবে ।

হাছানৰ প্ৰাক্তন স্বামী এইচ.এ.ৰ মতে, চাৰি বছৰৰ আগতে তেওঁলোকৰৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু ইয়াৰ পিছতো তেওঁ পুনৰ একেলগে থাকি তেওঁলোকৰ সন্তানৰ সৈতে যোগাযোগত থাকিবলৈ চেষ্টা কৰিছিল যদিও হাছানে এই কথাত অমান্তি হৈছিল।
পিতৃ এইচ.এ.ৰ মতে তেওঁৰ পুত্ৰ আৰু হাছানৰ সৈতে সম্পৰ্ক ৰাখিছিল । তেওঁ সদায় পুত্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিছিল। কিন্তু সময়ৰ লগে লগে হাছানে তেওঁক পুত্ৰক বিচ্ছিন্ন কৰিবলৈ লৈছিল ।
ঘটনা সন্দৰ্ভত হাছানে আৰক্ষীক জনোৱা মতে, তেওঁ মুক্ত হ’ব বিচাৰিছিল আৰু শিশুটিৰ পিতৃৰ পৰা প্ৰতিশোধ ল’ব বিচাৰিছিল । পুত্ৰ আৰু পিতৃক একেবাৰে পৃথক কৰিব বিচাৰিছিল আৰু সেয় বাবে এই হত্যাকাণ্ড কৰে।

লগতে পঢ়ক : A tragic moment : দেউতাকৰ চিতাৰ কাষত পুত্ৰই গালে এই গীত ”তুমি জানো জানা সোন