Local, Vocal, Global

গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য…

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।ধন- সম্পত্তিৰ লালসত মত্ত হৈ বন্দনা কলিতাই নামৰ এগৰাকী মহিলাই হত্যা কৰিলে স্বামী আৰু শাহুৱেকক।অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি বন্দনাই সংঘটিত কৰিলে লোমহৰ্ষক হত্যাকাণ্ড।বন্দনা কলিতা ওৰফে বন্দনা নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামী আৰু শাহুয়েক।অকল হত্যা কৰিয়ে ক্ষান্ত থকা নাছিল বন্দনা।শাহুৱেকৰ মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি ফ্ৰীজত তিনিদিন ভৰাই থৈছিল। হত্যাকাণ্ড সংঘটিত কৰি পলিথিনত ভৰাই দুয়োটা মৃতদেহ মেঘালয়লৈ লৈ গৈছিল বন্দনাই, বন্দনাৰ অবৈধ প্ৰেমিক ধনজিৎ ডেকা আৰু ধনজিতৰ বন্ধু অৰূপ দাস।
ঘটনাৰ অনুসৰি, স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা খণ্ড বিখণ্ড কৰি ফ্ৰীজত ভৰাই ৰাখিছিল তিনিদিনলৈ । তাৰ পাছত মেঘালয়ৰ ডাউকি অঞ্চলত পেলাই দিছিল নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ।
২০২২ চনৰ আগষ্ট মাহৰ পৰাই নিৰুদ্দেশ হৈ আছিল স্বামী আৰু শাহু । ওচৰ চুবুৰীয়াৰ পৰা জনা অনুসৰি, ১৭ আগষ্টতেই শেষ বাৰলৈ প্ৰত্যক্ষ কৰিছিল অমৰজ্যোতি দে’ক । অৰ্থাৎ সেই সময়ছোৱাৰ ভিতৰতেই সম্ভৱত হত্যা কৰা হৈছিল দুয়োগৰাকীক । এই হত্যাকাণ্ডৰ সময়ত বন্দনাক লগ দিছিল প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুয়ে। দুই অভিযুক্তৰ নাম অৰূপ ডেকা আৰু ধনজিৎ কলিতা। পৰকীয়া প্ৰেমৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে বন্দনাই। আনহাতে ওচৰ-চুবুৰীয়াইও মন্তব্য কৰিছে যে বন্দনাৰ ঘৰলৈ বহু যুৱকৰ অহা-যোৱা কৰিছিল।

ইতিমধ্যে উদ্ধাৰ হৈছে শাহুৱেক শংকৰী দে’ৰ মৃতদেহ। মেঘালয়ত উদ্ধাৰ বন্দনা কলিতাৰ শাহুৱেক শংকৰী দে’ৰ মুণ্ডহীন মৃতদেহ,কিন্তু বন্দনাৰ স্বামী অমৰজ্যোতিৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

এই হত্যাকাণ্ডত বন্দনাৰ পিতৃ-মাতৃৰো হাত থকা বুলি সন্দেহ কৰা হৈছে যদিও এই কথা নসাৎ কৰিছে তেওঁলোকে।গ্রেপ্তাৰ হোৱাৰ সময়ত পিতৃ গৃহত আছিল বন্দনা। বন্দনা কলিতাৰ কু-কৰ্ম সন্দৰ্ভত অজ্ঞতা প্রকাশ পিতৃ-মাতৃৰ। বন্দনাৰ পিতৃয়ে ক’লে – ‘তাই যদি দোষী, গুলীয়াই মাৰক’ ।

জানিব পৰা মতে ১০ বছৰ পূৰ্বে অমৰজ্যোতিৰ লগত বিয়া হৈছিল বন্দনাই ।ইফালে শাহুৱেক আৰু স্বামীক হত্যা কৰি পাপ মোচনৰ বাবে ঘৰত সত্য নাৰায়ণ পূজা পাতিছিল বন্দনা কলিতাই।বন্দনা কলিতাই নুনমাটি থানাত দাখিল কৰিছিল নিৰুদ্দেশৰ এজাহাৰ। পৰৱৰ্তী সময়ত পুনৰ শাহুৱেকৰ একাউণ্টৰ ধন অমৰজ্যোতিৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছিল বন্দনাই।কিন্তু নিজেই পতা জালত বন্দী হ’ল বন্দনা। আৰক্ষীয়ে বন্দনাই দাখিল কৰা দ্বিতীয়খন এজাহাৰৰ ভিত্তিত তদন্ত কৰি জানিব পাৰিলে যে শাহুৱেক শংকৰী দে’ৰ একাউণ্টৰ ধন বন্দনাই উলিয়াইছিল। তাৰ পিছতে বন্দনাৰ ওপৰত সন্দেহ হয় আৰক্ষীৰ। আৰক্ষীৰ জেৰাত বন্দনাৰ মুখেৰেই ওলাল চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য।