Union Home Minister Amit Shah holds a press meet in guwahati : বাজপেয়ী ভৱনত অমিত শ্বাহৰ সংবাদমেল
নিউজ ডেস্ক,৩০এপ্ৰিল : দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে পুৱা সম্বোধন কৰে এখন সংবাদমেল । বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰে(Union Home Minister Amit Shah holds a press meet in guwahati) ।
সংবাদমেলত বহুটো গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।
উল্লেখ্য যে, সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । গুৱাহাটীত উপস্থিত হৈ সোমবাৰে বিয়লি গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ পথত মেগা ৰোড শ্ব’ অনুষ্ঠিত কৰে ।সোমবাৰে ৰোড শ্ব’ কৰাৰ পিচতে আজি পুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে সংবাদমেল ।