Local, Vocal, Global

বলীউডৰ বিখ্যাত অভিনেতা সতীশ কৌশিক আৰু নাই…

ডিজিটেল ডেস্ক:-বলিউড জগতৰ বাবে এক দুঃখবৰ।বলীউডৰ বিখ্যাত অভিনেতা সতীশ কৌশিকৰ দেহাৱসান।বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা তথা পৰিচালক সতীশ চন্দ্ৰ কৌশিকে ৬৬ বছৰ বয়লত ইহলীলা সম্বৰণ কৰে। অভিনেতা, ছবি পৰিচালক, প্ৰযোজক, কমেডিয়ান গৰাকীৰ হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে।অভিনেতা গৰাকীৰ বন্ধুৱ অনুপম খেৰে এক টুইটযোগে প্ৰকাশ কৰিলে এই কথা। অনুপম খেৰে লিখিছে- মই জানো, এই পৃথিৱীত মৃত্যু একমাত্ৰ সত্য। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই জীয়াই থাকোঁতে মোৰ প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিম! ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ অন্ত পৰিল। সতীশ, তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নাথাকিব। ওম শান্তি!

আশীৰ দশকৰ আৰম্ভণিতে সতীশ কৌশিকে আৰম্ভ কৰিছিল তেখেতৰ চলচ্চিত্ৰ জীৱন।তেখেত মিষ্টাৰ ইণ্ডিয়াত ‘কেলেণ্ডাৰ’ আৰু দীৱানা মস্তানাত পাপ্পু পেজাৰ’ৰ চৰিত্ৰ দুটাৰ জড়িয়তে অভিনেতা হিচাপে সকলোৰে মাজত পৰিচিত হৈ পৰিছিল।দুবাৰকৈ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ কমেডিয়ান বঁটা লাভ কৰিছিল।

১৯৯০ চনত ৰাম লখম ছবিখনৰ বাবে আৰু সাত বছৰ অন্ত পুনৰ সাজন চালে ছাছুৰাল ছবিখনৰ বাবে লাভ কৰিছিল বঁটা।
তেখেতৰ আকস্মিক বিয়োগৰ খবৰ পাই অনুৰাগীসকলে এদিন পূৰ্বে অভিনেতাগৰাকীয়ে কেনেদৰে হোলী খেলিছিল সেই কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সোঁৱৰণ কৰে।