Local, Vocal, Global

Unfortunate death of a baby elephant: চাহ বাগিচাৰ নলাত পৰি হাতী পোৱালিৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,৭ডিচেম্বৰ : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সঘনাই সংঘটিত হৈছে হাতী মানুহৰ সংঘাত।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Unfortunate death of a baby elephant)।

ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু।

গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাতৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যুৰ সংখ্যা । বুধবাৰে বগীঢলা চাহ বাগিচাত এটা উঁৱলি যোৱা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। বিহৰা মিকিৰচাং চাহ বাগিচাৰ নলাত পৰি মৃত্যু হয় পোৱালি হাতীটোৰ ।

খাদ্যৰ সন্ধানত কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকৰ লগত অহা সৰু হাতী পোৱালিটোৰ বাগিচাৰ নলাত পৰি মৃত্যু হোৱাৰ সন্দেহ । বিহৰা মিকিৰচাঙৰ ৬ নং বাগিচাত সংঘটিত হৈছে এই দুখজনক ঘটনাটো । এই ঘটনাৰ খবৰ নুমলীগড় বন বিভাগক জনোৱাৰ পাছত বন বিভাগ আৰু পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ পাছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

লগতে পঢ়ক :Bodo delegation meets Amit Shah: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰমোদ বড়ো আৰু দুই সাংসদৰ