Local, Vocal, Global

Bodo delegation meets Amit Shah: নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰমোদ বড়ো আৰু দুই সাংসদৰ

নিউজ ডেস্ক,৭ডিচেম্বৰ : নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ প্ৰমোদ বড়ো আৰু দুই সাংসদৰ ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৫৭তম নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকোৰাঝাৰ অধিবেশনলৈ আমন্ত্ৰণ জনায়(Bodo delegation meets Amit Shah)।

লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক লগত এক আলোচনাত মিলিত হয়। এই আলোচনাত বি টি আৰ চুক্তিৰ ওপৰতো বিশদ আলোচনা কৰে। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত দিল্লীত এটা পথৰ নামাকৰণৰ প্ৰস্তাৱো দাঙি ধৰে বড়ো নেতৃত্বই। ১২৫ সংখ্যক ষষ্ঠ অনুসুচীৰ সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ দাবীও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ওচৰত উত্থাপন কৰে।

বড়ো চুক্তি অনুসৰি ১৫০০ কোটি টকাৰ আন্তগাথনি নিৰ্মাণৰ প্ৰক্ৰিয়াও খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰে তেওঁলোকে। পাহাৰৰ বড়ো জনগোষ্ঠী লোকসকলক পাহাৰীয়া জনজাতিৰ ময্যদাৰ দাবী আৰু এন ডি এফ বি ৰ কেডাৰসকলৰ সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে জেইলত থকা কেডাৰ সকলক মুকলি কৰাৰ দাবী উত্থাপন কৰে বড়ো নেতৃত্বই(Bodo Delegation Meets Union Home Minister Amit Shah)।

লগতে পঢ়ক :Poor conditions of roads:কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ পথৰ দুৰৱস্থা !