Local, Vocal, Global

Bihar Bridge Collapse: ভয়ংকৰ! ভাগি পৰিল নিৰ্মীয়মান এখন দলং

নেশ্যনেল ডেস্ক, ৫জুন’ : দেওবাৰে বিয়লি বিহাৰৰ ভাগলপুৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ নিৰ্মীয়মান অৱস্থাতে ভাগি পৰিল গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এখন দলং ।উত্তৰ বিহাৰক দক্ষিণ বিহাৰৰ সৈতে সংযোগ কৰাৰ বিহাৰ চৰকাৰে উচ্চাকাংক্ষী প্ৰকল্পৰ অধীনত আগুৱানী আৰু চুলতানগঞ্জৰ মাজৰ দংগা নদীৰ নিৰ্মাণ হৈ থকা দলং খন দেওবাৰে নদীত খহি পৰে(Under construction bridge collapses in Bihars Bhagalpur)।দেওবাৰে সন্ধিয়াই ৬.১৫ বজাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

তথ্য অনুসৰি,বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত ১৭০০ কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত আছে আগুৱানি চুলতানজ গংগা দলং৷ পিছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই দেওবাৰে ভাঙি বাগৰি পৰিল দলংখনৰ দুটা অংশ। প্ৰায় ১৯২ মিটাৰ পৰ্যন্ত দলংখনৰ অংশ নদীত খহি গৈ ডুব যায়।ভাগ্যক্ৰমে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ সময়ত শ্ৰমিকসকল প্ৰায় ৫০০ মিটাৰ দূৰত কাম কৰি আছিল।ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে (Under construction bridge collapses at Bhagalpur) ৷

প্ৰকাশিত খবৰ অনুসৰি, বিগত এপ্ৰিল মাহতো ধুমুহাৰ ফলত দলংখনৰ কিছু ক্ষতিসাধন হৈছিল। লক্ষণীয়ভাৱে, দুবছৰ পূৰ্বেও দলংখনৰ এটা অংশ ভাঙি গৈছিল। আৰু এই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে ৷ কিন্ত দেওবাৰে পুনৰ একেই ঘটনাৰ পুনৰাবৃত্তি ঘটাত দলঙখনৰ নিৰ্মাণকাৰ্যক লৈ ৰাজ্যখনৰ সকলোতে সৃষ্টি হৈছে সন্দেহৰ ৷ এই ঘটনাত দলঙখনৰ প্ৰায় ১৯২ মিটাৰ অংশ খহি পৰে আৰু গংগা নদীত জাহ যায় ৷ অৱশ্যে এই ঘটনাত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই (Under construction bridge collapses) ৷

উল্লেখ্য যে. বিহাৰত অৱশ্যে নিৰ্মাণৰত অৱস্থাতে দলং ভাঙি পৰাৰ ঘটনা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ডিচেম্বৰ মাহত বিহাৰৰ বেগুচৰাইৰ বুঢ়ী গণ্ডক নদীত নিৰ্মাণ কৰা দলঙৰ এটা অংশ ভাঙি গৈছিল।দলংখনৰ মাজতে ফাট মেলাৰ পিছতে দলংখনৰ ২ আৰু ৩ নং খুঁটাদুটা ভাঙি পৰিছিল। তাৰ এমাহ পূৰ্বে নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত নিৰ্মাণৰত এখন দলং ভাঙি পৰাত এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়।

তথ্য অনুসৰি এই ভয়ংকৰ ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ হতবাক হৈ পৰে আৰু বিহাৰৰ ৰাজ্যিক দলং নিৰ্মাণ নিগমৰ কাৰ্যবাহী অভিযন্তা ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হয় (Under construction bridge over Ganga collapses) ৷

খবৰ অনুসৰি, মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পথ নিৰ্মাণ বিভাগৰ অতিক্ত মুখ্য সচিব প্ৰত্যয় অমৃতৰ পৰা ঘটনাটোৰ বিৱৰণ বিচাৰে। আৰু দলংখনৰ চুপাৰ গাঁথনি খহি পৰাৰ বিষয়ে এক বিতং তদন্ত কৰাৰ লগতে অপৰাধীসকলক চিনাক্ত কৰিবলৈ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

ঘটনা সংঘটিত হোৱাৰ পাছতেই এই বাতৰি চৌদিশে জুইৰ দৰে বিয়পি পৰে ৷ পাৰবাট্টাৰ বিধায়কজনে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ৷ তেওঁ কয় যে নিৰ্মাণ কাৰ্যৰ মানদণ্ড ভাল নহয় ৷ চুলতানগঞ্জ আগুৱানী দলংখন মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে (Bihar Bridge Collapse)।

লগতে পঢ়ক : Daily Horoscope for 5th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল