Local, Vocal, Global

Daily Horoscope for 5th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাক মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আমনি কৰিব । ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

বৃষ ৰাশি: আজি আপোনাৰ আনন্দময় দিন । ভ্ৰমণৰ যোগ ৷ ব্যৱসায়ত উন্নতি । বন্ধু আৰু প্ৰিয়জনৰ সহযোগিতা লাভ কৰিব ।

মিথুন ৰাশি: কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব ৷ প্ৰশংসা লাভ কৰিব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব ।পদোন্নতিৰ যোগ ৷

কৰ্কট ৰাশি: ভ্ৰমণৰ যোগ ৷ আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ হ’ব পাৰে ৷ বিদেশত বা তীৰ্থযাত্ৰাত যোৱাৰ পৰিকল্পনা বাস্তৱায়িত হ’ব পাৰে ।

সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব ।

কন্যা ৰাশি: আজি আপোনাৰ দিনটো শুভ । ব্যৱসায়ৰ দিশত শুভ । ভ্ৰমণৰ যোগ ।

তুলা ৰাশি: আজি আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত লাভবান হ’ব । ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব । আজি আপুনি সকলো কামতে সফল হ’ব ।

বৃশ্চিক ৰাশি: আজি কাৰো সৈতে কাজিয়াত লিপ্ত নহ’ব । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব । ভ্ৰমণ এৰাই চলক । কঠোৰ পৰিশ্ৰম কৰক ।

ধনু ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে । আৰ্থিক ক্ষতিৰ যোগ ।

মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে । ভ্ৰমণৰ যোগ ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ বাবে আজিৰ দিনটো সুবিধাজনক । আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল ।

কুম্ভ ৰাশি: অনাৱশ্যক ব্যয় এৰাই চলক ।পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া লাগি যাব পাৰে। পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব । সফল হ’বলৈ হ’লে সময় লাগে । ধৈৰ্য ধৰক ।

মীন ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ উদ্যমে আপোনাক নতুন কাম হাত ল’বলৈ উৎসাহিত কৰিব । আপোনাৰ সাংসাৰিক জীৱন আন্তৰিকতাৰে পূৰ্ণ হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ যোগ আছে । আৰ্থিক লাভৰ প্ৰবল যোগ ।

লগতে পঢ়ক : Maritime trade potential: সামুদ্ৰিক বাণিজ্যৰ সম্ভাৱনা বৃদ্ধিৰ বাবে দেশসমূহক সহযোগিতাৰ আহ্বান সৰ্বানন্দ সোণোৱালৰ