Local, Vocal, Global

Sulochana Latkar passes away : সুলোচনা লটকৰৰ দেহাৱসান

এন্টাৰটেমেন্ট ডেস্ক, ৫জুন’ : বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লটকৰ আৰু নাই।দেওবাৰে বিয়লি ৬.৩০ বজাত শেষ নিশ্বাস ত্য়াগ কৰে বৰ্ষীয়ান অভিনেত্ৰী গৰাকীয়ে।(Sulochana Latkar Passes Away At 94)

১৯২৮ চনৰ ৩০ জুলাইত কৰ্ণাটকৰ খাদকলত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰী গৰাকীয়ে। কম বয়সতে পিতৃ-মাতৃক হেৰুৱাইছিল সুলোচনা লটকৰে । দেউতাকৰ বন্ধুৰ ঘৰত থাকিয়ে ডাঙৰ হৈছিল সুলোচনা লটকৰে আৰু সেয় সময়তে সুলোচনাই প্ৰফুল্ল পিকচাৰ্ছত কাম পাইছিল। আৰু কামৰ মাজতে লতা মংগেশকাৰৰ লগত কথা-বতৰা পাতিছিল, চল্লিশৰ দশকৰ আৰম্ভণিতে গঢ় লৈ উঠা বন্ধুত্ব আজীৱন চলিছিল।সুলোচনাই ১৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল কিন্তু বিয়াৰ পিছতো তেওঁ অভিনয় কৰি গৈছিল( (Veteran actress Sulochana Latkar death)।

১৯৪৪ চনত ‘মাৰাঠী কৰ্ণা’ নামৰ এখন মাৰাঠী ছবিক অভিনয় কৰি তেওঁ অভিনয়ৰ জগতলৈ আহিছিল আৰু ইয়াৰ পিছত তেওঁ ‘জীৱন শাখা’, ‘বাল্মিকী’ আদি হিট মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।

সুলোচনাই মুখ্য অভিনেত্ৰীৰ পৰা বিভিন্ন চৰিত্ৰলৈকে প্ৰায় ৫০ খনতকৈও অধিক মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰিছে । একে সময়তে, হিন্দী চলচ্চিত্ৰত সুলোচনাই ২৫০ খনতকৈও অধিক হিন্দী চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । এগৰাকী অভিনেত্ৰী হিচাপে, সুলোচনাই ৪০ দশকত মাৰাঠী চলচ্চিত্ৰত অভিনয়ৰ পৃথিৱীখনত খোজ পেলাইছিল, তেওঁ বহুতো হিট মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰি মাৰাঠী ছৱিজগতত প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ হিন্দী চলচ্চিত্ৰত তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণিতে সুলোচনাই কেইবাখনো ডাঙৰ চলচ্চিত্ৰত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ হিন্দী চলচ্চিত্ৰত ‘মাতৃ’ৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী হিচাপে স্বীকৃতি লাভ কৰিছিল । তেওঁৰ মৃত্যুৰ লগে লগে বলীউডত যেন এটা যুগৰ অন্ত পৰিল।

সুলোচনাই ভাৰত ভূষণৰ সৈতে যুটী বান্ধি হিন্দী ছবি ‘আউৰত তেৰী এহি কাহানি’ত অভিনয় কৰিছিল। তাৰ পাছত পঞ্চাশৰ দশকত ‘মহাত্মা কবীৰ’, ‘সাজনী’, ‘সতী অনুসূয়া’, ‘ব দিল্লী দুৰ নেহী’ আদি ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল। ত্ৰিশ বছৰ বয়সতে অভিনেত্ৰী গৰাকীলৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ আহে। প্ৰথমতে অনিচ্ছুক হ’লেও বিমল ৰায়, দেৱানন্দ, সুনীল দত্ত, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ দৰে ছুপাৰষ্টাৰৰ মাতৃ হিচাপে অভিনয় কৰে আৰু পৰৱৰ্তী তিনিটা দশক ধৰি ৰূপালী পৰ্দাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে। আৰু ২০০৪ চনত ফিল্মফেয়াৰৰ দ্বাৰা সুলোচনা লাটকাৰক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। প্ৰায় সাত দশকজুৰি চলি থকা চলচ্চিত্ৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে। তেওঁ শেষবাৰৰ বাবে অভিনয় কৰিছিল সঞ্জয় লীলা ভাঞ্চালীৰ ‘বাজীৰাও মস্তানী’ত।

অভিনেত্ৰী সুলোচনা বিগত কেইদিনমানৰ পৰা অসুস্থ হৈ আছিল ৷ তাৰ পিচতে তেওঁক চিকিৎসাৰ বাবে দাদৰৰ সুশ্ৰূষা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।দেওবাৰে চিকিৎসাধীন অৱস্থাতেই বিয়লি ৬.৩০ বজাত ৯৪ বছৰীয়া অভিনেত্ৰীগৰাকীৰ দেহাৱসান ঘটে ৷ প্ৰবীন অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰে কন্যা কাঞ্চনা ঘনেকাৰে (Veteran actress Sulochana Latkar death)। প্ৰবীন অভিনেত্ৰীগৰাকীৰ কন্যাই জনোৱা অনুসৰি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

খবৰ অনুসৰি, অভিনেত্ৰী সুলোচনাৰ মৃতদেহ সোমবাৰে পুৱা প্ৰায় ১১ বজাত প্ৰভা দেৱীৰ বাসগৃহলৈ লৈ যোৱা হ’ব আৰু সন্ধিয়া ৫ বজাৰ ভিতৰত অন্তিম সংস্কাৰ কৰা হ’ব । তাৰ পৰৱৰ্তী সময়ত শিৱাজী পাৰ্কত অভিনেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব(Sulochana Latkar Funeral) ।

লগতে পঢ়ক : Bihar Bridge Collapse: ভয়ংকৰ! ভাগি পৰিল নিৰ্মীয়মান এখন দলং