Local, Vocal, Global

Umrangso mine tragedy:উমৰাংছুৰ অবৈধ কয়লাখনি;নিয়ম বৰ্হিভূত বাবে কোনে চলাই আছিল খনন কাৰ্য

নিউজ ডেস্ক,৯জানুৱাৰী : অভিশপ্ত কয়লা খনিৰ পৰা উদ্ধাৰ হ’বনে আবদ্ধ শ্ৰমিক সকল । নিয়ম বৰ্হিভূত বাবে কোনে চলাই আছিল এই খনন কাৰ্য।

কিয় দিছপুৰীয়া শীৰ্ষ আৰক্ষীৰ কাণত খবৰ নাছিল খনন কাৰ্যক লৈ। কাৰ আশীষত খননৰ নেক্সাস চলিছিল(Umrangso mine tragedy)।

উমৰাংছুৰ কয়লাখনিত সংঘটিত হোৱা কৰুণ ঘটনাৰ পাছতে ডিমা হাছাওৰ লগতে ৰাজ্যৰ অবৈধ কয়লা খননক লৈ এতিয়া ৰাজ্যত বহু প্ৰশ্নৰ উদয় হৈছে ।

সাধাৰন জনতাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক মহলত চৰ্চা চলিছে। প্ৰশাসনৰ চকুৰ সন্মুখতে অবৈধভাৱে চলি থকা কয়লা খননৰ কথা সঁচাকৈয়ে দিছপুৰৰ লগত সংযোগ নাছিল নেকি ? অবৈধ কয়লাসমূহ কেনেকৈ পাৰ হৈছিল ইখনৰ পৰা সিখন ৰাজ্যত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উমৰাংছুৰ যিটো কয়লাখনিত এই অঘটন সংঘটিত হ’ল সেই কয়লাখনি অবৈধ আছিল বুলি ঘোষণা কৰিছে।

ইতিমধ্যে এই খনিটোৰ সৈতে জড়িত পুনিছ নুনিছা নামৰ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰা হৈছে। যিসমূহ কয়লাখনিত খনন বন্ধ হৈছে সেইসমূহ খনি পুতি পেলাব লাগে যদিও ইয়াত উন্মুক্ত কৰি ৰখা হৈছে। ফলত উন্মুক্ত খনি পানীৰে ভৰি পৰিছে। এইদৰে উন্মুক্ত পানীৰে ভৰি থকা খনিৰ সৈতে সংযোগ হোৱাৰ বাবেই সোমবাৰে শ্ৰমিকসকলে কয়লা খননৰ সময়ত প্ৰাণনাশী দুৰ্ঘটনাৰ সন্মুখীন হ’ল।

মঙলবাৰে SDRF, NDRF ভাৰতীয় সেনা আৰু নৌসেনাৰ উদ্ধাৰকাৰীয়ে ৩ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পাছত আজি পুনৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু এই পৰ্যন্ত খনিৰ ভিতৰত প্ৰকৃততে কিমান শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ কোনো সঠিক তথ্য নাই প্ৰশাসনৰ হাতত।

লগতে পঢ়ক :Magh Bihu 2025 :হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন