Local, Vocal, Global

Kaliabor News :পত্নীক বচাবলৈ বাঘৰ সৈতে যুঁজ স্বামীৰ

কলিয়াবৰ,৯জানুৱাৰী : পত্নীক বচাবলৈ বাঘৰ সৈতে যুঁজ স্বামীৰ। বাঘৰ সৈতে আধা ঘন্টা তয়াময়া যুঁজ স্বামীৰ।
এফালে যদি বাঘে টানে পত্নীক। আনফালে পত্নীক টানে স্বামী

দীলিপ গড়ৰ সাহসক আপুনিও চেলুট মাৰিব। কলিয়াবৰৰ দীলিপ গড়ৰ সাহসীকতাত লৈ এতি সৰ্বত্ৰে চৰ্চা চলিছে(Kaliabor News)।

জানিব পৰা মতে,দীলিপ গড় নামৰ লোকজনৰ পত্নীয়ে শুকান খৰি বিচাৰি চাহবাগানলৈ গৈছিল। সেই সময়তে পাছফালৰ পৰা বাঘে আক্ৰমন কৰে পত্নীক।

পত্নী প্ৰেম আৰু সাহসেই প্ৰাণ বচালে পত্নী যমুনাৰ। প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ সৈতে প্ৰায় আধাঘণ্টা ধৰি তয়াময়া যুঁজ কৰে দীলিপ গড়ে। বাঘৰ আক্ৰমণত বৰ্তমানো চিকিসাধীন আছে পত্নী। কেনেদৰে বাঘৰ সৈতে যুজ কৰি পত্নীক বচালে স্বামী দীলিপ গড়ে।

লগতে পঢ়ক :Umrangso mine tragedy:উমৰাংছুৰ অবৈধ কয়লাখনি;নিয়ম বৰ্হিভূত বাবে কোনে চলাই আছিল খনন কাৰ্য