Magh Bihu 2025 :হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন
নিউজ ডেস্ক,৯জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। আঘোণৰ সোণালী ধান ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সাজু প্ৰতিজন অসমীয়া । ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি(Magh Bihu 2025)।
ভোগালীৰ প্ৰাকক্ষণত ঢেঁকীশালত ব্যস্ত জীয়ৰী-বোৱাৰী।ভোগালীৰ বাবে বিভিন্ন ধৰণৰ পৰম্পৰাগত সুস্বাদু পিঠা-পনা প্ৰস্তুত কৰিছে মহিলাসকলে। ভোগালীৰ আনন্দত মতলীয়া এতিয়া ৰাজ্যবাসী ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গ্ৰামাঞ্চলৰ যুৱকসকলে ভোগালীৰ বাবে ভেলাঘৰ আৰু মেজি নিৰ্মাণৰ বাবে দিনে-নিশাই প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে ৷ বিহুত নিজৰ পৰিয়ালৰ লগতে আলহী অতিথিক আপ্যায়নৰ বাবে বিধে বিধে পিঠা-লাড়ুৰ উপৰিও বজাৰত পিঠা- পনাৰ চাহিদা বূদ্ধি কৰিবলৈ ব্যস্ত সকলো ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে প্ৰাক ভোগালী মেলাও যত মহিলাসকলে দাঙি ধৰিলে স্বাৱলম্বিতাৰ পথ নিৰ্দশন
এতিয়া সকলোতে মাথো বাপুতি সাহোন বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি।