Local, Vocal, Global

BTCত পুনৰ জব্দ অস্ত্ৰভাণ্ডাৰ, আটক এজনক

এফালে BTCত গৰম নিৰ্বাচনী বতাহ আনফালে সঘনাই উদ্ধাৰ হৈছে অস্ত্ৰভাণ্ডাৰ। BTCত পুনৰ উদ্ধাৰ পিষ্টলসহ এজন যুৱক। মঙলবাৰে নিশা ওদালগুৰি আৰক্ষীয়ে আটক কৰে চাঞ্চুমা ব্ৰহ্ম নামৰ যুৱকজনক। উল্লেখ্য যে সোমবাৰে ওদালগুৰিৰ ৰঙাগড়াত সংঘটিত হৈছিল এক ৰহস্যজনক ডকাইতি কাণ্ড আৰু মংগলবাৰে ৰঙাগড়াৰ নিকটৱৰ্তী শিমলুগুৰিৰ পৰা যুৱকজনক পিষ্টলসহ আটক কৰে।

লক্ষ্যণীয় বিষয় এয়ে যে আৰক্ষীৰ জালত পৰা যুৱকজন ডকাইতি কাণ্ডৰ সৈতে জড়িত হয় নে নহয় সেয়া সম্প্ৰতি ৰহস্যৰ আৱৰ্তত।