Local, Vocal, Global

গুৱাহাটীৰ ৰাজপথত চলিব মাৰ্ছিডিছ বাছ!

অপেক্ষাৰ অৱসান৷ আপুনি যদি বাছ যাত্ৰা কৰি ভাল পায় তেন্তে আপোনাৰ বাবে এয়া এক ভাল খবৰ৷ অক্টোৱৰৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব মাৰ্ছিডিছ বাছ৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিলে এই কথা৷ অক্টোৱৰ মাহৰ পৰাই গুৱাহাটীৰ ৰাজপথত চলিব এই মাৰ্ছিডিছ বাছ৷

উল্লেখ্য যে বিগত সময়ত ৰাজ্য চৰকাৰে অভিলাষী বাছ সেৱা ৰাইজক প্ৰদান কৰিব বুলি জনাইছিল৷ মুখ্যমন্ত্ৰীয়েও পৰিবহণ বিভাগক ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে উন্নতমানৰ বাছ যোগান ধৰিবলৈ পৰিবহণ বিভাগক অনুৰোধ জনাইছে৷ মুখ্যমন্ত্ৰীৰ কথা মানি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৱাহাটীৰ ৰাজপথত মাৰ্ছিডিছ বাছ চলিব বুলি আশ্বাস প্ৰদান কৰিছিল৷ কথামতে কাম৷ এইবাৰ কথা দি কথা ৰাখিলে পৰিবহণ মন্ত্ৰীয়ে৷ আজি সংবাদ মাধ্যমৰ আগত পৰিবহণ মন্ত্ৰীয়ে গুৱাহাটীৰ ৰাজপথত মাৰ্ছিডিছ বাছ চলাৰ কথা ঘোষণা কৰে৷

উল্লেখ্য যে ২০খন বাছৰ ১০খন বাছ গুৱাহাটী বিমানবন্দৰৰ পৰা চলিব৷ আন ১০খন বাছ গুৱাহাটীৰ পৰা শ্ৱিলঙলৈ চলিব৷ আৰু যদি এয়াই সম্ভৱ হয় তেন্তে গুৱাহাটীৰ ৰাজপথত সুচল হৈ পৰিব মাৰ্ছিডিছ বাছত যাত্ৰা৷