Watch | Udalguri UPPL President Controvesry : পৰিষদীয় নিৰ্বাচনৰ পূর্বে ক্ৰমাৎ স্পষ্ট হৈছে UPPL- BJP ৰ সংঘাত
ওদালগুৰি: পৰিষদীয় নিৰ্বাচনৰ পূর্বে ক্ৰমাৎ স্পষ্ট হৈছে UPPL- BJP ৰ সংঘাত । আগ্রাসী বিজেপিৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগেৰে সংবাদমেল সম্বোধন ওদালগুৰি জিলা UPPL ৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীৰ | BTR চুক্তিৰ গইনা লৈ নিজৰ ৰাজনৈতিক সাম্রাজ্য বিস্তাৰত নামিছে BJP দল । আন্দোলনকাৰীৰে চুক্তি স্বাক্ষৰ কৰি এতিয়া আন্দোলনকাৰীৰ হাতৰ পৰা দায়িত্ব কাঢ়ি ল’ব বিচাৰিছে BJP য়ে।
জিলা সভাপতিগৰাকীয়ে কয় যে, পূৰ্বতে তৰুণ গগৈয়ে সম্পূর্ণ কর্তৃত্ব দিছিল আন্দোলনৰ পথেৰে অহা হাগ্রামা মহিলাৰীক। কিন্তু BJP য়ে আন্দোলনকাৰীৰ হাতৰ পৰা দায়িত্ব কাঢ়ি লৈ নিজস্ব মুনাফা অৰ্জনত উঠিপৰি লাগিছে | চুক্তি স্বাক্ষৰকাৰীৰ হাতৰ পৰা BTR ৰ ক্ষমতা কাঢ়ি নিব খোজাৰ গুৰুতৰ অভিযোগ ৰবীন্দ্ৰ বসুমতাৰীৰ। ওদালগুৰিৰ কোনো এটা সমষ্টিত কম্প্রমাইজ নহ’ব বুলি BJP নেতাৰ বক্তব্যত আচৰ্য প্রকাশ নেতাগৰাকীৰ। চুক্তিৰ দফা পূৰণত সহায়ক নহৈ নিজৰ ৰাজনৈতিক মুনাফাকে BJP য়ে বেছি গুৰুত্ব দিয়াৰ অভিযোগ জিলা সভাপতিগৰাকীৰ।
আনহাতে, BTR ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বড়ো-অবড়োৰ ৰাজনীতি কৰিব বিচৰাৰ ভয়ংকৰ অভিযোগ নেতাগৰাকীৰ। প্রমোদ বড়োৰ দিনত বড়ো- অবড়ো ভেদভাৱ নাইকীয়া হৈছিল । কিন্তু BJPয়ে এতিয়া ইয়াক লৈ ৰাজনীতি কৰিব বিচাৰিছে | পূৰ্বৰ দৰে যদি বড়ো- অবড়োৰ ৰাজনীতিয়ে পৰিষদীয় নির্বাচনত ভয়ংকৰ সংঘাতৰ ৰূপ লয় তেন্তে তাৰ বাবে দায়ী একমাত্র হ’ব হিমন্ত বিশ্ব শর্মা আৰু BJP। এনে ভয়ংকৰ অভিযোগ UPPL নেতাগৰাকীৰ।
লগতে পঢ়ক: Watch | Goalpara eviction: গোৱালপাৰাৰ পাইকানত বিদ্যাপাৰাৰ বিদ্যালয়ত অগ্নিসংযোগ