WATCH | Udalguri News: আগন্তুক BTC নিৰ্বাচনৰ বাবে তৎপৰ হৈছে প্রতিটো ৰাজনৈতিক দল
ওদালগুৰি,৬মাৰ্চ : আগন্তুক BTC নিৰ্বাচনৰ বাবে তৎপৰ হৈছে প্রতিটো ৰাজনৈতিক দল | ওদালগুৰিৰ ৰৌতাত UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী | প্ৰায় ৪ শতাধিক লোকে যোগদান কৰে UPPL দলত । ৰৌতা ব্লক যুৱ শাখাৰ উদ্দ্যোগত অনুষ্ঠিত হয় বৃহৎ যোগদান সমাৰোহ | সমাৰোহত উপস্থিত থাকে BTR ৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো, নিলোৎ স্বর্গীয়াৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি(Udalguri News)।
৪০ নং ৰৌতা পৰিষদীয় সমষ্টি পুনৰবাৰ নিজৰ দখলত আনিবলৈ একপ্ৰকাৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে দলটোৱে ।
সমষ্টিটোৰ পাৰিষদ তথা কার্যবাহী সদস্য নিলোৎ স্বগীয়াৰীয়ে কয় যে এতিয়াও বহু লোক UPPL ত যোগদানৰ বাবে আগ্রহী হৈ ৰৈ আছে । অকল দুই বা তিনিজন BPFৰ ৰথী মহাৰথীয়েই নহয়, আৰু বহু নেতা UPPL ত যোগদানৰ বাবে ভিতৰি যোগাযোগ ৰখাৰ কথা প্রকাশ নেতাগৰাকীৰ ।
লগতে :WATCH | Madhya Pradesh News: ‘গায় হামাৰী মাতা হে ,পুলিচ হামাৰে বাপ হে’