পুনৰ দুই যুৱকৰ আলফাত যোগদান

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ পুনৰ আলফা স্বাধীনলৈ ২ যুৱক। ৰঙালী বিহুৰ আনন্দৰ মাজতেই দুই যুৱক উপস্থিত হ’লগৈ আলফাৰ ম্যানমাৰ শিবিৰত। ৰাজ্যত এতিয়া ট্ৰেণ্ডত উঠিছে আলফালৈ গমন কৰাতো।
আলফাত যোগদান কৰা দুই যুৱক ক্ৰমে নৰেন মেচ আৰু পংকজ গগৈ বুলি জানিব পৰা গৈছে। ইয়াৰে নৰেন মেচৰ ঘৰ যোৰহাটত। আনহাতে পংকজ গগৈৰ ঘৰ নিহৰকটীয়াত।
১৮ এপ্ৰিলৰ নিশা দুয়ো অলফাৰ ম্যানমাৰস্থিত শিবিৰত উপস্থিত হৈছেগৈ বুলি খবৰ লাভ কৰা গৈছে।
আনহাতে পুত্ৰই আলফালৈ বুলি যোৱা শুনি পংকজ গগৈৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰে। ক্ষোভতে মাতৃৰ আহ্বান ‘পৰেশ বৰুৱাই যদি ঘূৰাই নপঠাই তেন্তে মাৰি পেলাওক তাক।’
মাতৃয়ে কয়, ইমান সৰু সৰু লৰা কেনেকৈ আলফাত যোগদান কৰিব পাৰে । ৪ এপ্ৰিল তাৰিখে কেৰালালৈ যাও বুলি ওলাই গৈছিল পংকজ গগৈ।
ইয়াৰোপৰি ৬ এপ্ৰিলত পত্নীৰ সৈতেও কথা বতৰা হৈছিল পংকজ গগৈৰ। কিন্তু সেই দিনটোৰ পাছৰে পৰা কোনো খবৰ নাছিল পংকজ গগৈৰ।