গুৱাহাটীবাসীক খোৱাপানী দিয়াৰ নামত ভয়ানক কেলেংকাৰী হৈছে- সাংসদ অজিত ভূঞা

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ পৌৰসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সংবাদমেল। মহানগৰীৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ সম্পৰ্কত এই সংবাদমেল সম্বোধন কৰে সাংসদ অজিত ভূঞাই।
এই সংবাদমেলত সাংসদ গৰাকীয়ে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
তেঁও কয় যে, বিশুদ্ধ খোৱাপানীৰ নামত ৰাজ্য চৰকাৰে কেলেংকাৰী কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী উন্নয়ণ মন্ত্ৰী হৈ থকাৰ পৰাই হৈ আছে এই কেলেংকাৰী। তিনিটা বৃহৎ পানী আঁচনি আজিও সম্পূৰ্ণ হৈ উঠা নাই।
লগতে তেঁও কয় যে, “২০২১ চনৰ ১৩ ডিচেম্বৰত সদনত পানী যোগান আঁচনি বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিলো। কেইবাটাও হাস্যকৰ উত্তৰ দিছিল চৰকাৰে, এয়া চৰকাৰৰ সম্পূৰ্ণ ব্যৰ্থতা।”
৩৪৯.৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আঁচনি ২০১৭ চনতে সম্পূৰ্ণ হোৱাৰ কথা আছিল। কিন্তু আজিও সম্পূৰ্ণ হৈ নুঠিল সেই আঁচনি।
জুলাইত পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিম বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস সম্পূৰ্ণ মিথ্যাচাৰ। ইপিনে পৌৰনিগম দখল কৰিলে অপৰাধমুক্ত গুৱাহাটীৰ সপোন দেখুৱাইছে বিজেপিয়ে।
সংবাদমেলত এইদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আলোচনা কৰে সাংসদ অজিত ভূঞাই।