Local, Vocal, Global

আসাম ৰাইফলছৰ গুলিত আহত দুজন যুৱক

নিউজ ডেস্ক,২ এপ্ৰিলঃ অৰুণাচলত চাঞ্চল্যকৰ ঘটনা। অৰুণাচলৰ টিৰাপ জিলাৰ কাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা। আসাম ৰাইফলছৰ গুলিত আহত হয় দুজন যুৱক। মাছধৰিবলৈ যোৱা দুই যুৱকক উগ্ৰপন্থীৰ সন্দেহত গুলি বৰ্ষন কৰে আৰক্ষীয়ে।
আহত লোক দুজন নকফুৱা ৱাংটন আৰু ৰামৱাং ৱাংছা বুলি জানিব পৰা গৈছে আৰু দুয়োজনকে ডিব্ৰুগড়ৰ AMCHত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে গাঁওখনত সন্ত্ৰাসবাদী লুকাই থকাৰ গোপন তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল। আৰু তাৰেই ভিত্তিত সেনাই মাছ ধৰিব যোৱা দুই যুৱকক গুলী চালনা কৰে। সেনা বাহিনীয়ে জানিব দিয়া মতে তেওঁলোকৰ হাতত আছিল বন্দুক আৰু বন্দুক লৈ মাছ মাৰিব আৰু চিকাৰ কৰিব যোৱা অৱস্থাত সেনাৰ লগত মুখা মুখি হওঁতে পলাবলৈ চেষ্টা কৰাত সেনাই গুলীচালনা কৰিছিল।

আসাম ৰাইফলছৰ ভূলৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰে এগৰাকী মেজৰ পৰ্যায়ৰ বিষয়াই। বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।