Local, Vocal, Global

গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৩ ডকাইত

নিউজ ডেস্ক,২ এপ্ৰিলঃ গোৱালপাৰাত এনকাউণ্টাৰৰ ঘটনা। গোৱালপাৰাৰ আগিয়া থানাৰ অন্তৰ্গত টুকুৰাত সংঘটিত হোৱা এই এনকাউণ্টাৰত তিনি ডকাইতৰ মৃত্যু হয়। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলতে তিনিগৰাকী ডকাইত মৃত্যু মুখত পৰে।

এগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাৰ বিপৰীতে অন্য দুগৰাকীয়ে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে৷

নিহতসকলৰ এজনক গোৱালপাৰা চহৰৰ শ্বাহজাহান আলী আৰু আন দুজনৰ এজনক গোৱালপাৰা ধোপতোলাৰ নজৰুল হক আৰু চুজন আলী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিহত ডকাইতৰ দলটোৱে এখন বলেৰ’ পিকআপ ভেনেৰে আন এখন চুপাৰী ভৰ্তি বলেৰ’ পিকআপ ভেন ডকাইতি কৰিবলৈ পৰিকল্পনা কৰিছিল। সেই সময়তে আগিয়া আৰক্ষীয়ে অভিযান চলোৱাত ডকাইত কেইজনে আৰক্ষীক দেখা মাত্ৰকে গুলী চলোৱাত আৰক্ষীয়ে গুলীৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। আৰক্ষীৰ গুলীত এজন ডকাইত থিতাতে নিহত হয়।

আৰক্ষীৰ গুলিত নিহত হোৱা তিনিওগৰাকী লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।