Local, Vocal, Global

যোৰহাটত ব্ৰাউন চুগাৰ জব্দ,৩জনক আটক

নিউজ ডেস্ক,২ এপ্ৰিলঃ যোৰহাট পুলিবৰ আৰক্ষীৰ বৃহৎ সাফল্য। যোৰহাটত পুনৰ ড্ৰাগছ জব্দ। যোৰহাট পুলিবৰ আৰক্ষী আৰু CRPF অৰ্ধসামৰিক বাহিনী ১১৯ৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলায়।

এই অভিযানত ৩জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

অৰ্ধ সামৰিক বাহিনী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ যৌথ অভিযানত জব্দ কৰে ৩০০ গ্ৰাম ওজনৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ ।

লগতে এই অভিযানত এখন এপে গাড়ী আৰু ৩টা মোবাইল ফোন জব্দ কৰে। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।