Local, Vocal, Global

মুম্বাই বিমানবন্দৰত যৌন পর্যটন চক্র উৎখাত

মুম্বাইৰ বিমানবন্দৰত চলি থকা যৌন পর্যটন চক্র এটি আজি মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই উৎখাত কৰে৷ আৰক্ষীয়ে দুগৰাকী মহিলাক এই সন্দর্ভত গ্রেপ্তাৰ কৰে ৷ অভিযানৰ সময়ত আৰক্ষীয়ে দুগৰাকী মহিলাক চক্রটোৰ পৰা উদ্ধাৰ কৰিবলৈও সক্ষম হৈছে ৷ মন কৰিবলগীয়া যে মুম্বাই বিমানবন্দৰত চলি থকা যৌন পর্যটন চক্র উৎখাত কৰিবলৈ আৰক্ষীয়ে ডামী গ্রাহক সজাই কৌশলেৰে চক্রটোৰ দুই মহিলাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে