Local, Vocal, Global

ভাৰতলৈ অহা আন্তর্জাতিক বিমানযাত্রীৰ COVID নিগেটিভ প্রমাণ–পত্র বাধ্যতামূলক

ভাৰতলৈ অহা সকলো আন্তর্জাতিক বিমান যাত্রীৰ বাবে নিগেটিভ আৰ টি পি চি আৰ পৰীক্ষাৰ প্রমাণ–পত্র বাধ্যতামূলক কৰা হৈছে ৷ আন্তর্জাতিক বিমান যাত্রীৰ বাবে সংশোধিত ক’ভিড–১৯ নির্দেশনা অনুযায়ী অহা ২৫ অক্টোবৰৰ পৰা প্রযোজ্য হোৱাকৈ সকলো আন্তর্জাতিক বিমান যাত্রীৰ নিগেটিভ আৰ টি পি চি আৰ পৰীক্ষাৰ প্রমাণ–পত্র বাধ্যতামূলক কৰা হৈছে ৷ কেন্দ্রীয় চৰকাৰে সম্প্রতি চলি থকা আন্তর্জাতিক বিমান যাত্রীৰ বাবে ক’ভিড–১৯ নির্দেশনা আজি সংশোধন কৰি এই সিদ্ধান্ত গ্রহণ কৰিছে ৷

মন কৰিবলগীয়া যে ভাৰতত ক’ভিড–১৯ ভেকচিন অভিযান ক্ষিপ্রতৰ কৰি তোলা হৈছে ৷ অতিশীঘ্রেই ভেকচিন প্রদান ১০০ কোটি স্পর্শ কৰিব৷ ঠিক তেনেদৰে দেশজুৰি ক’ভিডৰ সংক্রমণ হ্রাস পাইছে ৷ কিন্তু আন্তর্জাতিক পর্যায়ত ক’ভিডৰ লক্ষণ সলনি হোৱাৰ পৰিপ্রেক্ষিতত ভাৰতলৈ অহা আন্তর্জাতিক বিমান যাত্রীক লৈ চলি থকা ক’ভিড নির্দেশনা সংশোধন কৰা হৈছে বুলি কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰিছে ৷