Local, Vocal, Global

Two men arrested in Merapani :যোৰহাট আৰক্ষী আৰু মেৰাপানী আৰক্ষীৰ যুটীয়া অভিযান; অভিযানত পিষ্টলসহ আটক দুজনক

নিউজ ডেস্ক,১৫মে’ : মেৰাপানীত পিষ্টল সহ দুজনক আটক আৰক্ষীৰ। যোৰহাট আৰক্ষীৰ এটা বৃহৎ দলে মেৰাপানী আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই । অভিযানত বলিন গগৈ আৰু গোপাল কছাৰী নামৰ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এটা .২২ পিষ্টল আৰু তিনি জাঁই সজীব গুলী জব্দ কৰে(Two men arrested in Merapani)।

দীৰ্ঘ সময়ৰ পৰা এই দুই যুৱকে বাইক চোৰৰ লগত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। মঙলবাৰে যোৰহাট আৰক্ষীৰ ডিএছপি কৌশিক কলিতাৰ নেতৃত্বত অহা এটা দলে অভিযান চলাই অসম নাগালেণ্ড সীভান্তৰ ক’লাজানৰ পৰা আটক কৰে লোক দুজনক।

লগতে পঢ়ক : Fire breaks out at Dhing: বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ২০টাকৈ বাসগৃহ