জম্বুত এজন পাকিস্তানীসহ দুজন LET সন্ত্ৰাসবাদীক গুলীয়াই হত্যা

নিউজ ডেস্ক, ৭ জুন : মঙলবাৰে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (IGP) বিজয় কুমাৰে জনাইছে যে লস্কৰ-ই-তৈবাৰ (LET) দুজন সন্ত্ৰাসবাদীক সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰিছে, তাৰ এজনক পাকিস্তানী বুলি চিনাক্ত কৰা হৈছে।
কুমাৰে কয় যে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ চাকাত্ৰাছ কান্দি অঞ্চলত সংঘৰ্ষত সন্ত্ৰাসবাদী দুজনক গুলীয়াই হত্যা কৰা হৈছিল।
তেওঁ জানিবলৈ দিয়ে যে পাকিস্তানী সন্ত্ৰাসবাদীজনৰ কোড নাম তুফাইল আছিল, আৰু দ্বিতীয় সন্ত্ৰাসবাদীজনক ট্ৰালৰ ইশতিয়াক লোন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে ট্ৰালৰ ইষ্টিয়াক লোনে LETত অলপতে যোগদান কৰিছিল ।
সন্ত্ৰাসবাদী দুজনৰ পৰা দুটা একে-৫৬ (AK-56) ৰাইফল উদ্ধাৰ কৰা হৈছিল।
মন কৰিবলগীয়া যে সোমবাৰে আন এটা সংঘৰ্ষত LETৰ সৈতে জড়িত আন এজন পাকিস্তানী সন্ত্ৰাসবাদীক (PAKISTANI TERRORISTS) গুলীয়াই হত্যা কৰা হৈছিল।
তেওঁৰ দখলৰ পৰা উদ্ধাৰ কৰা নথিপত্ৰৰ পৰা তেওঁক পাকিস্তানৰ লাহোৰৰ হানজাল্লা বুলি চিনাক্ত কৰা হৈছিল।