ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাত

নিউজ ডেস্ক, ৭জুন : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী মানুহৰ সংঘাত (Elephant Human Conflict)। নগাঁও (Nagoan) জিলাৰ ৰজাগাঁওৰ (Roja Gaon) দক্ষিণ জ্বৰ বাগানত সোমবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, সোমবাৰে নিশা এটা বনৰীয়া হাতীৰ জাকে দক্ষিণ জ্বৰ বাগানস্থিত মহিলা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি আছুলতা মল্লিক আৰু স্বপন মল্লিকক আক্ৰমণ কৰে।
বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছুলতা মল্লিক আৰু স্বপন মল্লিকক নিশাই স্থানীয় লোকসকলে দুয়োকে হস্পিটেলত ভৰ্তি কৰাই যদিও হস্পিটেলতে আছুলতা মল্লিকৰ মৃত্যু হয়।
ইপিনে, ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ পাছতে স্থানীয় লোকসকলে বন বিভাগৰ লোকৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে।