Local, Vocal, Global

হাই মাদ্ৰাছাত তৃতীয় স্থান লাভ শ্বেহনাজ পাৰবিনৰ

নিউজ ডেস্ক,৭ জুন : সদ্য ঘোষিত হাই মাদ্ৰাছাৰ (High Madrasa) ফলাফলত তৃতীয় স্থান লাভ কৰে লখিমপুৰ জিলাৰ শ্বেহনাজ পাৰবিনে।

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী শ্বেহনাজ পাৰবিনে মেধাৰ তালিকাত উজলি উঠাৰ পাছতে সাংবাদিকৰ আগত মনৰ ভাৱ প্ৰকাশ কৰি ভবিষ্যতে চৰকাৰে সহযোগিতা আগবঢ়ালে তেওঁ চিকিৎসক হ’ব খোজে বুলি কয়।

আনহাতে, অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰিব বিচৰা সিদ্ধান্ত সম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শ্বেহনাজ পাৰবিনে নিজৰ মত প্ৰকাশ কৰি কয় যে ইচ্ছা থাকিলে আৰু চেষ্টা কৰিলে ভাল ফলাফল সকলোৰে পৰা লাভ কৰিব পাৰি।

লগতে পাৰবিনে ৰাজ্য চৰকাৰক মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ বাবেও আহ্বান জনায়।