ছচিয়েল মিডিয়াত সতীশ কৌশিকৰ অন্তিম ফটো,মৃত্যুৰ আগদিনা আত্মীয়ৰ সৈতে হোলী খেলিছিল কৌতুক অভিনেতাগৰাকীয়ে…

ডিজিটেল ডেস্ক:-মৃত্যু কেনেকৈ আহে, কোনেৱে নাজানে? মৃত্যুৰ আগদিনা আত্মীয়ৰ সৈতে হোলী খেলিছিল কৌতুক অভিনেতা সতীশ কৌশিকে। হোলী খেলি ছ’চিয়েল মিডিয়াত নিজৰ ছবি পোষ্ট কৰিছিল অভিনেতাগৰাকীয়ে।মাত্ৰ এদিন আগতে সতীশ কৌশিকে হোলী উপলক্ষে ৰঙীন সাজ-পোছাক পিন্ধি উদযাপন কৰিছিল হোলী ।
৭ মাৰ্চত জুহুৰ জাংকি কটেজত বলীউডৰ অন্যান্য তাৰকাৰ সৈতে পাৰ্টি কৰিছিল অভিনেতাগৰাকীয়ে। কিন্তু নিয়তিৰ আছিল অন্য বিধান।এদিন পিছতে নিশা তেওঁৰ পৰলোকপ্ৰাপ্তি হয়।হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে। বলীউডত জগতত শোকৰ ছাঁ পেলাই গুচি যায়।৬৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে।
সতীশ কৌশিকৰ দেহাৱসানত ৯ মাৰ্চৰ পুৱা অভিনেতা অনুপম খেৰে ছ’চিয়েল মিডিয়াত এই দুখৰ খবৰটো শ্বেয়াৰ কৰে। অভিনেতাজনে লিখিছে, ‘মই জানো, এই পৃথিৱীত মৃত্যু একমাত্ৰ সত্য। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই জীয়াই থাকোঁতে মোৰ প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিম! ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ অন্ত পৰিল। সতীশ, তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নাথাকিব। ওম শান্তি।
তেখেতৰ আকস্মিক বিয়োগৰ খবৰ পাই অনুৰাগীসকলে এদিন পূৰ্বে অভিনেতাগৰাকীয়ে কেনেদৰে হোলী খেলিছিল সেই কথা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সোঁৱৰণ কৰে।