Local, Vocal, Global

একে নিশাৰ ভিতৰতে ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

নিউজ ডেস্ক ১ এপ্ৰিল : সাৱধান অপৰাধী! ৰাজ্যত বিগত দিন ধৰি বৃদ্ধি পাইছে আৰক্ষীৰ এনকাউণ্টাৰ। এটি নিশাৰ ভিতৰতে দুটাকৈ এনকাউণ্টাৰ সংঘটিত।

শোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা এনকাউন্টাৰ ঘটনা । চাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত এই এনকাউণ্টাৰ।

উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত এই ঘটনা । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ২ NLFB সদস্য আৰু এজনক আটক কৰে আৰক্ষীয়ে ।

আনহাতে, আহত ব্যক্তি দুজন ক্ৰমে ইৰাকদাও নাৰ্জাৰী আৰু খাম্পান্দাৰ বসুমতাৰী । আৰক্ষীয়ে আটক কৰা ব্যক্তি জনৰ নাম হৈছে গেন্দ্ৰা বসুমতাৰী। আহত NLFB সদস্য দুজন তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।