Local, Vocal, Global

আজিৰ পৰা দাম বৃদ্ধি পালে ৮০০ বিধ ঔষধৰ মূল্য

নিউজ ডেস্ক,১ এপ্ৰিলঃ ১ এপ্ৰিলৰ পৰা দেশত বৃদ্ধি পালে ঔষধৰ দাম। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পিছতেই এইবাৰ বৃদ্ধি পালে ঔষধৰ মূল্য। দেশত হোৱা মূল্যবৃদ্ধিয়ে এতিয়া জুৰুলা কৰিছে সৰ্বসাধাৰণক।

আজিৰ পৰা মূৰৰ বিষৰ পৰা আৰম্ভ কৰি জ্বৰৰ ঔষধৰ লৈকে দাম বৃদ্ধি পাইছে। ক’ভিডৰ পিছতেই ঔষধৰ দাবী কৰি আহিছিল ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহে।

সেই দাবী মানি ১ এপ্ৰিলৰ পৰা ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি কৰাৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, কেতবোৰ ঔষধৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে বৃদ্ধি কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতেই প্ৰায় ৮০০ বিধ ঔষধৰ মূল্য বৃদ্ধি পালে।

ইয়াৰ ভিতৰত থাকিব পেৰাচিটেমল,এন্টিবাইটিক, ব্লাড প্ৰেচাৰ আদিৰ ঔষধ।