Local, Vocal, Global

আজিৰ পৰা টোলগেটত ভৰিব লাগিব অধিক মাচুল

নিউজ ডেস্ক,১ এপ্ৰিলঃ ৰাজ্যবাসীক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তেই টোলগেটৰ কৰ বৃদ্ধি কৰি জনতাৰ ওপৰত মাধমাৰ সোধাইছে চৰকাৰে। আজিৰ পৰা বৃদ্ধি হ’ল ৰাজ্যৰ টোলগেটসমূহৰ কৰ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি টোলগেটসমূহৰ কৰ ১৫ শতাংশকৈ বৃদ্ধি কৰা হৈছে।

আজিৰ পৰা টোল গে’টেৰে গ’লে ভৰিব লাগিব অধিক কৰ। সোণাপুৰ, ৰহা, মদনপুৰ টোল গে’টৰ মাচুল বৃদ্ধি। গলিয়া, মান্দেৰদিছা, মিকিৰআটি গে’টতো বাঢ়িত টোল কৰ।

ৰহা টোল গেটত পূৰ্বৰ ৯৫ ৰ সলনি ভৰিব লাগিব ১১০ টকা।
সোণাপুৰ টোল গেটত পূৰ্বৰ ১১৫ৰ ঠাইত ভৰিব লাগিব ১৩০ টকা।
মদনপুৰ টোল গেটত পূৰ্বৰ ১১০ ৰ ঠাইত ভৰিব লাগিব ১২৫ টকা।
মান্দেৰদিছা টোল গেটত ১০০ টকা
ডবকাৰ মিকিৰআটি টোলগেটত ভৰিব লাগিব ৯০ টকাকৈ