Local, Vocal, Global

পুনৰ পানীত পৰি মৃত্যু দুটি শিশুৰ

নিউজ ডেস্ক, ১৮ জুন : ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতে Lankaৰ উদালিত কছাৰী গাওঁত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।

শুকুৰবাৰে আবেলিৰ পৰা নিখোজ হৈ আছিল চুফিয়ান আলম ( ৯) আৰু জুনেইড আহমেদ ( ৫) নামৰ শিশু দুটি।

আৰু শনিবাৰে পুৱা পৰিয়াল লোকে এটা পুখুৰীত মৃতদেহ দুটা প্ৰতক্ষ্য কৰে শিশু দুটিৰ মৃতদেহ ।

পৰৱৰ্তী সময়ত ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে।