Local, Vocal, Global

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রীয়ে

নিউজ ডেস্ক, ১৮ জুন : খবৰ অনুসৰি ডিমা হাচাও, গোৱালপাৰা, হোজাই, কামৰূপ, কামৰূপ (Metro) আৰু মৰিগাঁৱতো ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

পুৱা ৬ বজাতেই প্ৰধানমন্ত্ৰী মোডীয়ে ফোন কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ। মুখ্যমন্ত্ৰী সিংহ বিশ্ব শৰ্মাই জানিব দিয়ে যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সাম্ভাব্য সহায়ৰ আশ্বাস দিয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই এক টুইটযোগে কয় যে “আজি পুৱা ৬ বজাত মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi জীয়ে মোক অসমৰ বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰিছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ সময়ত, মাননীয় প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। তেওঁৰ আশ্বাসমূলক উদাৰতাৰ বাবে আমি কৃতজ্ঞ” ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) জনোৱা অনুসৰি অসমত বান পৰিস্থিতি সংকটজনক হৈ পৰিছে আৰু আৰু নজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

শুকুৰবাৰে প্ৰকাশিত এক খবৰত ASDMA-য়ে কয় যে অসমৰ হোজাই, নলবাৰী, বজালী, ধুবুৰী, কামৰূপ, কোকৰাঝাৰ আৰু শোণিতপুৰ জিলাৰ পৰা মৃত্যুৰ খবৰ পোৱা গৈছে।