Local, Vocal, Global

অৱশেষত উদ্ধাৰ হ’ল মহানগৰীৰ পৰা অপহৃত দুই শিশু ! বিহাৰৰ পৰা উদ্ধাৰ শিশু দুটি

ডিজিটেল ডেস্কঃ-অৱশেষত উদ্ধাৰ কৰা হ’ল মহানগৰীৰ তেতেলিয়াত পৰা অপহৃত দুই শিশু । বিহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে শিশু দুটিক। জানিব পৰা মতে বৈশালী জিলাৰ মহুৱাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশু দুটাক।বিহাৰৰ পৰা উদ্ধাৰ কৰা হল সুধীৰ কুমাৰ নামৰ এজনে লৈ যোৱা শিশু দুটিক।
বৃহস্পতিবাৰে তেতেলিয়াৰ নিজৰ ঘৰৰ চোতালত খেলি থকা অৱস্থাতে শিশু দুটিক অপহৰণ কৰিছিল। পিছত গুৱাহাটী আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে সংযোগ কৰিছিল । আৰু তাৰ পিছতেই অপহৃত শিশু দুটাক উদ্ধাৰ কৰা হয়। গুৱাহাটী আৰক্ষীৰ এটা দলো ইতিমধ্যে বিহাৰত উপস্থিত হৈছে।

অৱশ্যে বৰ্তমান লৈকে অপহৰণ কাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ অভিযানৰ পূৰ্বেই পলায়ন কৰে অপহৰণকাৰীয়ে।বিহাৰ আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে অপহৰণকাৰীৰ তদন্ত অব্যাহত ৰাখিছে।