Local, Vocal, Global

ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? আজি আমি আপোনাক ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে কম…

ডিজিটেল ডেস্কঃ-অসমৰ এক পৰম্পৰা খাদ্য হ’ল ঢেঁকীয়া শাক ।আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম৷

বাৰীৰ চুকত,পথৰ দাঁতিত,সেমেকা আৰু ছাঁ পৰি থকা মাটিত গজি থকা ঢেঁকীয়া আমাৰ সামজিক আৰু সাংস্কৃতিক পৰম্পৰাৰো অঙ্গ।সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ঢেঁকীয়া। গুণগত দৃষ্টিকোণৰ পৰা ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

ঢেঁকীয়াৰ এক লাভজনক দিশ হ’ল ইয়াৰ সহজলভ্যতা।এই শাক সাধাৰণতে বছৰৰ মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহলৈকে পোৱা যায়।কেৱল শীতৰ তিনি/চাৰি মাহ গছবোৰ সুপ্ত হৈ ৰয় আৰু নতুন পাত নোলায়।ঢেঁকীয়াক পৰম্পৰাগত খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়।ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোল আদিবোৰ অতি সুস্বাদু ব্যঞ্জন।গৱেষণাৰ মতে ঢেঁকীয়াত ৩৩.৩৭% প্ৰটিন,৫.৬০%শৰ্কৰা,৩.৮০% চৰ্বিজাতীয় উপাদান,৭.৮০%আঁহজাতীয় পদাৰ্থ আৰু ১৩.১৫% খনিজ লোণ থাকে।

আহঁক আজি আমি ঢেঁকীয়া শাকৰ উপকাৰিতা বিষয়ে জানো-

নিৰামিষভোজী সকলৰ বাবে ঢেঁকীয়া খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

ঢেঁকীয়াত কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

ঢেঁকীয়াত বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

ঢেঁকীয়াই ৰুচি বৰ্ধক আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।

ঢেঁকীয়াই লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

ডায়েবেটিচ ৰোগীৰ বাবে ঢেঁকীয়া উপকাৰী।

ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী ঢেঁকীয়া।