Local, Vocal, Global

হাউলীত চুৰি হোৱা ২৬ লাখ টকা উদ্ধাৰ আৰক্ষীৰ

ডিজিটেল ডেস্ক :-বৰপেটাৰ হাউলী আৰক্ষীৰ সফলতা।হাউলীত ২৪ ঘন্টা পাৰ নহওতে চুৰি হোৱা ২৬ লাখ টকা উদ্ধাৰ কৰিলে আৰক্ষীয়ে ।হাউলীৰ মধুবৈশ্য পথৰ পৰা নৱৰত্ন নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত বৃহস্পতিবাৰে চুৰি হৈছিল ২৬ লাখ টকা ।তিনি ব্যৱসায়ীৰ জমা কৰি থোৱা ২৬ লাখ টকা চুৰি কৰিছিল ঘৰৰে কাম কৰা যুৱক ৰহিত কুমাৰে ।বিগত সাত বছৰে বিহাৰৰ ৰহিত কুমাৰে নৱৰত্ন বাসগৃহত কাম কৰা ব্যক্তি হিচাপে ‌আছিল ।২৬ লাখ টকা চুৰি কৰি লুকুৱাই ৰাখিছিল ঘৰৰ পিছফালৰ জংঘলত। মাৰোৱাৰী ব্যৱসায়ী প্ৰমোদ , নৱৰতন আৰু দ্বীৰাজ আছিল এই টকাখিনি ।ব্যৱসায়ী কেইগৰাকীয়ে ঘটনা সন্দৰ্ভত হাউলী আৰক্ষীক অৱগত কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ২৬ লাখ টকা উদ্ধাৰ কৰাৰ লগতে আটক কৰে ৰহিত কুমাৰক ।