মৈৰাবাৰীত লক্ষাধিক টকাৰ ড্ৰাগছসহ দুজনক আটক

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ধাৰাবাহিকভাৱে অভিযান চলি থকাৰ মাজতেই মৈৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য।
এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে এগৰাকী মহিলাসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।
মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলীৰ নেতৃত্বত মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই এগৰাকী মহিলাৰ লগতে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।
আৰক্ষীয়ে দুপৰীয়া থানাৰ নিচেই কাষতে থকা পেট্র’ল পাম্পৰ ওচৰত ড্ৰাগছ ব্যৱসায়ী কেইটাক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে আব্দুল কৰিম আৰু আমিৰন নেচা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ অভিযানকাৰী দলটোয়ে ২৫টা ড্ৰাগছ ভৰ্তি চাবুনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ।
জানিব পৰা মতে, জব্দকৃত ড্ৰাগছ খিনি বজাৰ মূল্য বহু লক্ষাধিক টকা হ’ব বুলি জানিব পৰা হৈছে।
সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ী কেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।