Local, Vocal, Global

কংগ্ৰেছ ত্যাগ কৰিলে জেষ্ঠ্য নেত্ৰী অসীমা বৰদলৈয়ে

নিউজ ডেস্ক,৯ এপ্ৰিলঃ শনিবাৰে কংগ্ৰেছ (congress) দলৰ জ্যেষ্ঠ নেত্ৰী অসীমা বৰদলৈয়ে কংগ্ৰেছ দল ত্যাগ (quit) কৰে। দল ত্যাগ কৰি দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে নেত্ৰীগৰাকীয়ে।

নেত্ৰীগৰাকীয়ে ক্ষোভ উজাৰি কয় যে, কংগ্ৰেছ দলে ‘বৰদলৈ’ উপাধি ব্যৱহাৰ কৰিছে কিন্তু তেঁওলোকে প্ৰকৃত সন্মান দিয়া নাই।
অসীমা বৰদলৈয়ে পূৱ গুৱাহাটী সমষ্টিৰ পৰা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল আৰু তেঁও দলৰ এগৰাকী জ্যোষ্ঠ নেত্ৰী হোৱাৰ লগতে গুৱাহাটী পৌৰসভাৰ প্ৰাক্তন পৌৰপতিও আছিল।

অৱশ্যে নেত্ৰীগৰাকীয়ে কংগ্ৰেছ এৰি পৰৱৰ্তী সময়ত কোন দলত যোগদান কৰিব সেই সম্পৰ্কে বৰ্তমানলৈ খোলোচা কৰা নাই। সেই সন্দৰ্ভত কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰিছে নেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, অসীমা বৰদলৈ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নাতিনী আৰু দুবাৰৰ কংগ্ৰেছ বিধায়ক তথা মন্ত্ৰী কেপ্তেইন ৰবীন বৰদলৈৰ কন্যা।