Local, Vocal, Global

চলন্ত ৰে’লতে এগৰাকী মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তান

নিউজ ডেস্ক, ৯ এপ্ৰিল : চলন্ত ৰে’লতে এগৰাকী মহিলাই অসহ্য প্ৰসৱৰ যন্ত্ৰণা ভূগ কৰিব লগীয়া হৈছে। পুৰী-জগন্নাথ এক্সপ্ৰেছত এটি পুত্ৰ সন্তান জন্ম দিলে কটকৰ এগৰাকী মহিলাই।

উল্লেখযোগ্য যে, ওড়িশ্যাৰ কটকৰ পৰা বিহাৰৰ সমস্তিপুৰলৈ যাত্ৰা কৰিছিল মহিলা গৰাকীয়ে পৰিয়ালৰ লোক সকলৰ লগত । প্ৰসৱৰ যন্ত্ৰণা ভূগ কৰা মহিলা গৰাকীৰ নাম সোনি কুমাৰী।

চলন্ত ৰে’লতে এগৰাকী মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তানক

আনহাতে, ৰেলখন যেতিয়া বালাচোৰ পাৰ হৈ খুৰ্দা ৰোডত প্ৰৱেশ কৰে সেইসময়তে অসহ্য প্ৰসৱ যন্ত্ৰণাৰ আৰম্ভ হয় মহিলাগৰাকীৰ । পিছত ট্ৰেইনখনত থকা অন্য একাংশ মহিলাযাত্ৰীৰ সহায়ত এটি পুত্ৰ সন্তান জন্ম দিয়ে।

নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল এই ঘটনাটো। সোনি কুমাৰীয়ে স্বামীৰ সৈতে যাত্ৰা কৰিছিল বিহাৰৰ সমস্তিপুৰলৈ । প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱাৰ সময়ত কোনে লোকে খবৰ কৰা নাছিল ৰে’লৱে কৰ্তৃপক্ষক । কিন্তু, তাৰ কিছু সময়ৰ পিছতে, ৰে’ল কৰ্তৃপক্ষই উক্ত ঘটনাৰ বিষয়ে খবৰ পায় মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

চলন্ত ৰে’লতে এগৰাকী মহিলাই জন্ম দিলে এটি পুত্ৰ সন্তানক

নিশা প্ৰায় ৯.৩০ বজাত, ৰেলখন মেদিনীপুৰ ষ্টেচনত ৰে’ল খন ৰখোৱাৰ পিছতে ৰে’লৱে কৰ্তৃপক্ষই মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰিব বিচাৰে যদিও, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আপত্তি কৰাত চলন্ত ৰে’লতে এটি পুত্ৰ সন্তানক জন্ম দিয়ে।

উল্লেখনীয় যে, মেদিনীপুৰ ষ্টেচনত প্ৰায় ডেৰ ঘণ্টা ধৰি এক শ্বাসৰুদ্ধকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত, ৰেল কৰ্তৃপক্ষই মাক আৰু নৱজাতকক নিশা প্ৰায় ১১ বজাত মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুয়ো বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।