Local, Vocal, Global

ভৱানীপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজনক আটক

নিউজ ডেস্ক,৩১ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ ভৱানীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য।

বজালীৰ ভৱানীপুৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। বুধবাৰে নিশা ভৱানীপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৩৪ কেজি ১৩০ গ্ৰাম গাঞ্জা।

এই গাঞ্জাখিনি AS E 9905 নম্বৰৰ এখন এলট’ৰ উদ্ধাৰ কৰা হয়। এই অভিযানত আৰক্ষীয়ে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম ইব্ৰাহিম আলী আৰু আফাজুল ৰহমান।