Local, Vocal, Global

মৰিগাঁৱত সন্দেহজনক ইউৰীয়া সাৰ ভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক,৩১ মাৰ্চঃ মৰিগাঁৱত আৰক্ষীয়ে জব্দ কৰে এখন সন্দেহজনক ইউৰীয়া ভৰ্তি ট্ৰাক। জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS 21 C 5820।

ট্ৰাকখনৰ চালকে জানিবলৈ দিয়া মতে, নগাঁৱৰ ওৱেৰ হাউচৰ পৰা বাকলাবড়ীৰ দীনবন্ধু নামৰ এজন ব্যক্তিৰ ঘৰলৈ সাৰখিনি লৈ গৈছিল।

ইফালে সাৰৰ বাবে হাহাকাৰ কৰি থকা কৃষকসকলে জব্দকৃত সাৰখিনিৰ সন্দৰ্ভত উচিত তদন্তু দাবী কৰিছে।
ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে চালকজনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।